Breaking News

বংগোপসাগৰৰ পৰা ইণ্ডোনেচিয়ালৈ বন্ধ হ’ব আকাশমাৰ্গ: আগষ্টত ভাৰতৰ দুটাকৈ মেগা ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ প্ৰস্তুতি

বংগোপসাগৰৰ পৰা ইণ্ডোনেচিয়ালৈ বন্ধ হ’ব আকাশমাৰ্গ: আগষ্টত ভাৰতৰ দুটাকৈ মেগা ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ প্ৰস্তুতি

নতুন দিল্লী, ০৪ আগষ্ট: বিশ্বৰ সামৰিক মানচিত্ৰত নিজৰ শক্তিৰ স্থিতি পুনৰবাৰ সবলভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ভাৰতে আগন্তুক ৬ আৰু ৭ আগষ্টত দুটাকৈ বৃহৎ ক্ষেপণাস্ত্ৰ পৰীক্ষা সম্পন্ন কৰাৰ দিশে অগ্ৰসৰ হৈছে। এই সামৰিক অভিযানৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰে আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ দুখন সুকীয়া ‘নোটিচ টু এয়াৰমেন’ বা ‘নোটাম’ (NOTAM - Notice to Airmen) জাৰি কৰিছে। বংগোপসাগৰৰ পৰা ইণ্ডোনেচিয়াৰ জলসীমা তথা ভাৰত মহাসাগৰৰ বিস্তীৰ্ণ অঞ্চল জুৰি ঘোষণা কৰা এই সতৰ্কবাণীৰ পিছতে বিশ্বৰ মহাশক্তিসমূহৰ চোৰাংচোৱা তথা ৰাডাৰ ব্যৱস্থা অত্যন্ত সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, উৰিষ্যাৰ চণ্ডীপুৰস্থিত ‘ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ’ (ITR) ৰ পৰা এই পৰীক্ষাসমূহ সম্পন্ন কৰা হ’ব। প্ৰথমখন জাননী ৩ আগষ্টৰ পৰা ৮ আগষ্টলৈ বাহাল থাকিব। এই অনুসৰি চণ্ডীপুৰ পৰীক্ষণ কেন্দ্ৰৰ পৰা ১৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিকোনো বিমান বা যান উৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, এই নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত ভাৰতে কোনো নতুন ক্ৰুজ ক্ষেপণাস্ত্ৰ অথবা বিশেষ কৌশলগত অস্ত্ৰৰ পৰীক্ষণ কৰাৰ থল আছে।

Sponsored
bharat raj

আনহাতে, আটাইতকয়ে গুৰুত্বপূৰ্ণ দ্বিতীয়খন জাননী জাৰি কৰা হৈছে ৬ আৰু ৭ আগষ্টৰ বাবে। চণ্ডীপুৰৰ পৰা আৰম্ভ হৈ বংগোপসাগৰ, শ্ৰীলংকাৰ পূব অংশ আৰু ইণ্ডোনেচিয়া পৰ্যন্ত বিস্তৃত প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল এক আকাশমাৰ্গক সামৰি এই জাননী জাৰি কৰা হৈছে। সুৰক্ষাৰ স্বাৰ্থত এই সমগ্ৰ সামুদ্ৰিক তথা আকাশী পথছোৱাক ২৪ ঘণ্টাৰ বাবে ‘ন’ ফ্লাই জ’ন’ (No-Fly Zone) হিচাপে ঘোষণা কৰা হৈছে।

প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মাজত এতিয়া আটাইতকৈ ডাঙৰ চৰ্চাৰ বিষয় হৈছে এই ২,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নোটাম (NOTAM) সতৰ্কবাণীৰ আঁৰত থকা ক্ষেপণাস্ত্ৰবিধ কি হ’ব পাৰে। সাধাৰণতে নিৰাপত্তা আৰু ক্ষেপণাস্ত্ৰৰ গতিপথ (Trajectory) তথা প্ৰভাৱ ক্ষেত্ৰৰ বহুলতাৰ প্ৰতি লক্ষ্য ৰাখি এই জাননীৰ পৰিসৰতকৈ ক্ষেপণাস্ত্ৰৰ প্ৰকৃত দূৰত্ব বহুখিনি বেছি হয়। সেই অনুসৰি এই পৰীক্ষা ৫,০০০ ৰ পৰা ৮,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ (ICBM) হোৱাৰ সম্ভাৱনা প্ৰবল। এই দৌৰত মূলতঃ তিনিটা ক্ষেপণাস্ত্ৰৰ নাম চৰ্চালৈ আহিছে:

১. কে-৫ এছএলবিএম (K-5 SLBM): চাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা এই বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আঘাত হানিব পৰা ক্ষমতা প্ৰায় ৬,০০০ কিলোমিটাৰ। এই পৰীক্ষা সফল হ’লে পানীৰ তলৰ পৰাই শত্ৰুৰ মহাদেশ ধ্বংস কৰিব পৰা ক্ষমতা থকা বিশ্বৰ ষষ্ঠখন এলিট দেশ হিচাপে ভাৰত পৰিগণিত হ’ব।

২. অগ্নি-৬ (Agni-VI): ইয়াৰ আঘাত কৰাৰ পৰিসৰ ৮,০০০ কিলোমিটাৰতকৈও অধিক। ইয়াত বহু লক্ষ্যভেদ কৰিব পৰা অত্যাধুনিক ‘এমআইআৰভি’ (MIRV - Multiple Independently Targetable Re-entry Vehicle) প্ৰযুক্তি আছে, যাৰ জৰিয়তে এটা ক্ষেপণাস্ত্ৰই একেলগে ১০টা ভিন্ন পাৰমাণৱিক বোমা কঢ়িয়াই নিব পাৰে। এই ক্ষেপণাস্ত্ৰবিধৰ পৰীক্ষাই বেইজিঙৰ নিৰাপত্তা বলয়ক সৰ্বাধিক চিন্তিত কৰি তুলিছে।

৩. সূৰ্য্য ক্ষেপণাস্ত্ৰ (Surya Missile): যদিও এই ক্ষেপণাস্ত্ৰ সম্পৰ্কে তথ্য গোপন ৰখা হৈছে, তথাপিও ইয়াৰ লক্ষ্যভেদ কৰাৰ ক্ষমতা ১২,০০০ কিলোমিটাৰ পৰ্যন্ত বুলি ধাৰণা কৰা হয়, যিয়ে সমগ্ৰ ইউৰোপ আৰু আমেৰিকাক নিজৰ পৰিসৰৰ ভিতৰলৈ আনিব পাৰে।

অতীতত ভাৰতে বিশ্ব শক্তি তথা পশ্চিমীয়া দেশসমূহৰ কূটনৈতিক চাপৰ বাবে এনে দীৰ্ঘ দূৰত্বৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ক্ষেত্ৰত কিছু সংকোচ প্ৰদৰ্শন কৰিছিল। কিন্তু ইউক্ৰেইন আৰু মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক ভয়াৱহ পৰিস্থিতিৰ পৰা ভাৰতে এই শিক্ষাই লাভ কৰিছে যে সাৰ্বভৌমত্ব ৰক্ষা আৰু শান্তিৰ বাবে হাতত শক্তিশালী অস্ত্ৰ থকাটো অপৰিহাৰ্য।

যেতিয়াই ভাৰতে কোনো বৃহৎ সামৰিক পৰীক্ষণ কৰে, তেতিয়াই চীনৰ চোৰাংচোৱা জাহাজে ভাৰত মহাসাগৰত নিৰীক্ষণ আৰোপ কৰে। চীনে ভাৰতক কেৱল হিমালয়ৰ সীমান্ততে আৱদ্ধ কৰি ৰাখিবলৈ কৌশল ৰচনা কৰি অহাৰ বিপৰীতে ভাৰত মহাসাগৰ আৰু আকাশমাৰ্গত ভাৰতৰ এই প্ৰভুত্বই বেইজিঙৰ সামৰিক গৌৰৱ খৰ্ব কৰাৰ থল প্ৰশস্ত কৰিছে। এই ঐতিহাসিক পৰীক্ষাৰ সফল ট্ৰেকিং কৰিবলৈ সমগ্ৰ ভাৰত মহাসাগৰ জুৰি অত্যাধুনিক টেলিমেট্ৰি জাহাজ আৰু উচ্চ ক্ষমতাসম্পন্ন ৰাডাৰ ইতিমধ্যে মোতায়েন কৰা হৈছে।

আগন্তুক ৬ আৰু ৭ আগষ্টত চণ্ডীপুৰৰ পৰা হ’বলগীয়া এই মেগা পৰীক্ষাই ভাৰতৰ সামৰিক আত্মসন্মান আৰু প্ৰতিৰক্ষা সুৰক্ষা এক নতুন উচ্চতালৈ লৈ যাব বুলি আশা প্ৰকাশ কৰা হৈছে।


Comments (0)

Be the first to comment on this story.