বিদেশী পুঁজি নিয়ন্ত্ৰণ আইন(FCRA) কঠোৰ কৰাৰ দিশে ভাৰত: আমেৰিকাৰ ৰিপাব্লিকান কংগ্ৰেছীৰ তীব্ৰ সমালোচনা

নতুন দিল্লী, ০৫ আগষ্ট: ভাৰতলৈ অহা বিদেশী পুঁজিৰ উৎস আৰু ইয়াৰ ব্যৱহাৰ অধিক নিয়ন্ত্ৰিত তথা স্বচ্ছ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা ‘বিদেশী অৱদান নিয়ন্ত্ৰণ আইন’ (FCRA) ৰ প্ৰস্তাৱিত সংশোধনীক লৈ দেশৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰৰ এই কঠোৰ স্থিতি এতিয়া ৱাশ্বিংটনত পোহৰলৈ অহাৰ লগতে ডোনাল্ড ট্ৰাম্প নেতৃত্বাধীন ৰিপাব্লিকান পাৰ্টিৰ আমেৰিকান কংগ্ৰেছীসকলে ইয়াৰ মুকলি সমালোচনা কৰা পৰিলক্ষিত হৈছে। আনকি এই আইনী পৰিৱৰ্তনে অনাগত দিনত ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে বুলি আমেৰিকাৰ ফালৰ পৰা সতৰ্কবাণী শুনোৱা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, আমেৰিকাৰ প্ৰভাৱশালী ৰিপাব্লিকান কংগ্ৰেছী ৰাইলী মূৰেৱে (Riley Moore) সামাজিক মাধ্যম ‘এক্স’ যোগে ভাৰতৰ এই প্ৰস্তাৱিত সংশোধনীক লৈ তীব্ৰ আপত্তি দৰ্শাইছে। তেওঁ কয় যে ভাৰতত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ প্ৰায় দুহাজাৰ বছৰীয়া এক চহকী ইতিহাস আছে। ইয়াৰ পাছতো নতুন দিল্লীয়ে এফ চি আৰ এ আইনখন এনেধৰণে সলনি কৰিবলৈ ওলাইছে যাৰ ফলত দেশখনৰ গীৰ্জা আৰু ধৰ্মীয় সমাজকল্যাণমূলক সংস্থাসমূহৰ ওপৰত চৰকাৰী হস্তক্ষেপ তথা নিয়ন্ত্ৰণ বহুখিনি বৃদ্ধি পাব। এই সংশোধনী যদিহে এই ৰূপতেই কাৰ্যকৰী কৰা হয়, তেন্তে ই ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ দাবী কৰে।
ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ (Ministry of Home Affairs) অধীনস্থ এফ চি আৰ এ (FCRA) আইনৰ জৰিয়তে দেশৰ বিভিন্ন বেচৰকাৰী সংগঠন (NGO), ধৰ্মীয় অনুষ্ঠান, দাতব্য ন্যাস (Charitable Trust) আৰু শিক্ষানুষ্ঠানসমূহে লাভ কৰা বিদেশী পুঁজিৰ হিচাপ ৰখা হয়। ইয়াৰ বাবে সংশ্লিষ্ট সংস্থাসমূহে গৃহ মন্ত্ৰালয়ত পঞ্জীয়ন কৰাৰ লগতে সময়ে সময়ে ইয়াক নবীকৰণ কৰাটো বাধ্যতামূলক।
প্ৰস্তাৱিত নতুন সংশোধনীত বিদেশী অনুদান আৰু ইয়াৰ জৰিয়তে অৰ্জন কৰা স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ সঠিক তদাৰক কৰিবলৈ এক বিশেষ কৰ্তৃপক্ষ গঠনৰ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও সংশ্লিষ্ট সংস্থাসমূহৰ অডিটিং, বাৰ্ষিক প্ৰতিবেদন আৰু ধনৰ ব্যৱহাৰ সম্পৰ্কীয় নিয়মসমূহ অধিক কঠোৰ কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
চৰকাৰী নিয়ন্ত্ৰণ বৃদ্ধি পাব পৰা এই আশংকাত দেশৰ কেইবাটাও বেচৰকাৰী সংগঠন তথা গীৰ্জা পৰিচালিত দাতব্য সংস্থাই আপত্তি দৰ্শাইছে। তেওঁলোকৰ অভিযোগ অনুসৰি, কোনো এটা সংস্থাৰ এফ চি আৰ এ পঞ্জীয়ন বাতিল কৰিলে বিদেশী ধনৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা বহু বিদ্যালয়, চিকিৎসালয় আৰু দৰিদ্ৰ কল্যাণমূলক আঁচনি থমকি ৰ’ব, যিয়ে সামাজিক ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পেলাব।
আনহাতে, আমেৰিকান কংগ্ৰেছীগৰাকীৰ বক্তব্য আৰু দেশৰ ভিতৰত হোৱা বিৰোধিতাৰ বিপৰীতে ভাৰত চৰকাৰে ইয়াৰ স্থিতি অত্যন্ত স্পষ্ট কৰি দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, এফ চি আৰ এ কোনো ধৰ্ম বা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে তৈয়াৰ কৰা হোৱা নাই। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে বিদেশী পুঁজিৰ বিনিয়োগ প্ৰক্ৰিয়া স্বচ্ছ কৰা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা। ভাৰত চৰকাৰে স্পষ্ট শব্দৰে কয় যে ভাৰতীয় ভূখণ্ডত কাৰ্য সম্পাদন কৰা প্ৰতিটো সংস্থাই দেশৰ সাৰ্বভৌম আইন মানি চলিবলৈ বাধ্য আৰু বিদেশী পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত সম্পূৰ্ণ জবাবদিহি হ’ব লাগিব।
সাৰ্বভৌম দেশ এখনে নিজৰ ভূখণ্ডলৈ অহা বিদেশী পুঁজিৰ নিৰীক্ষণৰ বাবে নিয়ম নিৰ্ধাৰণ কৰাটো এক স্বাভাৱিক নীতিগত অধিকাৰ হিচাপে গণ্য কৰা হয়। তেনেস্থলত বহিঃৰাষ্ট্ৰৰ সাংসদ বা ৰাজনীতিবিদৰ এনে মন্তব্য আৰু হেঁচাক ভাৰতে কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে আৰু সংসদত এই বিধেয়কখনে অনাগত দিনত কি ৰূপ লয়, সেয়া বিশেষভাৱে লক্ষণীয় হ’ব।

Comments (0)
Be the first to comment on this story.