ভাৰতৰ সহায় বিচাৰিলে বাংলাদেশে, শক্তি সংকটত বাংলাদেশ

এসময়ত ভাৰতৰ বিৰুদ্ধে তীব্ৰ অভিযোগ উত্থাপন কৰি কূটনৈতিক অসন্তুষ্টি প্ৰকাশ কৰা বাংলাদেশে এতিয়া পুনৰ শক্তি সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ কাষ চাপিছে। শ্বেখ হাছিনাৰ ভাৰ্চুৱেল সংবাদমেলক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছতেই এই পৰিৱৰ্তনে নতুন আলোচনা আৰম্ভ কৰিছে।
বাংলাদেশত বৰ্তমান তীব্ৰ শক্তি সংকট অব্যাহত আছে। দেশখনৰ বিভিন্ন অঞ্চলত ডিজেল, গেছ আৰু বিদ্যুতৰ অভাৱৰ খবৰ পোৱা গৈছে। ইন্ধনৰ নাটনিৰ ফলত বিদ্যুৎ উৎপাদন ব্যাহত হোৱাৰ লগতে বহু ঠাইত লোড শ্বেডিং বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বাংলাদেশ চৰকাৰে ভাৰতৰ পৰা অতিৰিক্ত ডিজেল যোগানৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছে।
শেহতীয়াকৈ ভাৰতীয় উচ্চায়ুক্ত আৰু বাংলাদেশৰ শক্তি আৰু খনিজ সম্পদ মন্ত্ৰীৰ মাজত অনুষ্ঠিত হোৱা এখন বৈঠকত শক্তি সহযোগিতা সম্প্ৰসাৰণৰ বিভিন্ন দিশ আলোচনা কৰা হয়। বৈঠকৰ পিছত বাংলাদেশৰ শক্তি মন্ত্ৰীয়ে স্বীকাৰ কৰে যে গেছ আৰু ডিজেলৰ নাটনিৰ ফলত দেশখনৰ বিদ্যুৎ উৎপাদন গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। সেইবাবেই ভাৰতক পূৰ্বতকৈ অধিক পৰিমাণৰ ডিজেল যোগান ধৰিবলৈ অনুৰোধ জনোৱা হৈছে।
নুমলীগড়ৰ পৰা বাংলাদেশলৈ ডিজেল যোগান
বাংলাদেশৰ শক্তি সুৰক্ষাত ভাৰতৰ ভূমিকা ইতিমধ্যে উল্লেখযোগ্য। অসমৰ নুমলীগড় শোধনাগাৰৰ পৰা ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ জৰিয়তে পশ্চিম বংগ অতিক্ৰম কৰি বাংলাদেশৰ পাৰ্বতিপুৰ ডিপোলৈ নিয়মীয়াকৈ ডিজেল প্ৰেৰণ কৰা হয়।
প্ৰায় ১৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই আন্তঃৰাষ্ট্ৰীয় পাইপলাইনটো ২০২৩ চনত কাৰ্যক্ষম কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে কম সময়, কম ব্যয় আৰু অধিক কাৰ্যক্ষমতাৰে বাংলাদেশলৈ ডিজেল যোগান নিশ্চিত কৰা। এই পাইপলাইনৰ জৰিয়তে ভাৰতে প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ডিজেল ৰপ্তানি কৰি আহিছে। শেহতীয়াকৈ নতুন চালান প্ৰেৰণ কৰাৰ পিছত বাংলাদেশে অহা কেইমাহৰ বাবে অতিৰিক্ত ডিজেল যোগান বিচাৰিছে।
কেৱল ডিজেল যোগানতেই সীমাবদ্ধ নহয়, শক্তি খণ্ডৰ প্ৰায় ২৫টা পৃথক ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধিৰ আগ্ৰহো প্ৰকাশ কৰিছে বাংলাদেশে। ইয়াৰ ভিতৰত পাৱাৰ গ্ৰীড উন্নয়ন, স্মাৰ্ট গ্ৰীড প্ৰযুক্তি, শক্তি খণ্ডৰ জনবলৰ প্ৰশিক্ষণ, কাৰিকৰী সহযোগিতা আৰু অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ বিষয়সমূহ অন্তৰ্ভুক্ত।
ইফালে, দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনা এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। শেহতীয়াকৈ নতুন দিল্লীৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অনুষ্ঠিত কৰা ভাৰ্চুৱেল সংবাদমেলক লৈ বাংলাদেশ চৰকাৰে আপত্তি প্ৰকাশ কৰি ইয়াক দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰিছিল।
অৱশ্যে ভাৰত চৰকাৰে স্পষ্ট কৰি দিয়ে যে উক্ত অনুষ্ঠানটো এটা ব্যক্তিগত সংস্থাই আয়োজন কৰিছিল আৰু ইয়াৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাছিল।
একেখন সংবাদমেলতে শ্বেখ হাছিনাই চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি অহাৰ ইচ্ছা ব্যক্ত কৰে। আনহাতে, তেওঁৰ পুত্ৰই বৰ্তমান বাংলাদেশ চৰকাৰৰ তীব্ৰ সমালোচনা কৰি দেশৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।
ৰাজনৈতিক মতানৈক্য আৰু কূটনৈতি অব্যাহত থাকিলেও শক্তি, বাণিজ্য আৰু ভৌগোলিক বাস্তৱতাই ভাৰত আৰু বাংলাদেশক সহযোগিতাৰ পথত আগবাঢ়িবলৈ বাধ্য কৰিছে। বিশেষকৈ শক্তি সংকটৰ এই সময়ত বাংলাদেশৰ বাবে ভাৰত পুনৰ এক গুৰুত্বপূৰ্ণ ভৰসাস্থল হিচাপে পৰিগণিত হৈছে।
এতিয়া বাংলাদেশৰ অতিৰিক্ত ডিজেল যোগানৰ অনুৰোধৰ প্ৰতি ভাৰত কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়াই দুয়োখন দেশৰ পৰৱৰ্তী শক্তি সহযোগিতাৰ দিশ নিৰ্ধাৰণ কৰিব।

Comments (0)
Be the first to comment on this story.