Breaking Assam

বানত ককবকাইছে উজনিৰ জনতাই। চৰাইদেউ,শিৱসাগৰত এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী।

বানত ককবকাইছে উজনিৰ জনতাই। চৰাইদেউ,শিৱসাগৰত এতিয়াও ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী।

বানাক্ৰান্তক সাহায্য প্ৰদান কৰিবলৈ সোঁত বৈছে ৰাইজৰ। প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছে বহুতে। শেহতীয়াকৈ শিৱসাগৰৰ নিমাইজনকে ধৰি বহু ভিতৰুৱা অঞ্চলৰ বানাক্ৰান্তক সাহায্য প্ৰদান কৰে ব্যৱসায়ী গোলাম বাবু কিব্ৰীয়াই। শ, শ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ পানীৰ বটল বিতৰণ কৰে। কিব্ৰীয়া ফাউণ্ডেচনৰ উদ্যোগত বিতৰণ কৰা হয় বান সাহাৰ্য্য।তাৰ মাজতে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুখ-বেদনা দেখিলে বুকু বিষাব আপোনাৰ। চৌদিশে কেৱল দুৰ্দশা জীয়া ছবি। পানী কমাৰ পিছত ঘৰলৈ উভতিছিল বানপীড়িত বহুজন, কিন্তু ঘৰৰ ভিতৰত চাব নোৱাৰা কদৰ্যময় পৰিৱেশ।

Sponsored
bharat raj

ঘৰৰ ভিতৰে বাহিৰ কেৱল পলস আৰু বোকা। কেৱল এয়াই নহয় ঘৰৰ ভিতৰত কিলবিলাই ঘূৰি ফুৰিছে সাঁপে। বানত উটি অহা কুঁছিয়াও এতিয়া আশ্ৰয় লৈছে ঘৰৰ ভিতৰত টাইলচৰ মজিয়াত। এক বুকু কঁপি উঠা দৃশ্য। আটোম-টোকাৰিকৈ সঁজা ঘৰখনত এনেকুৱা হ’ব বুলি কোনেও কেতিয়াও কল্পনাই কৰা নাছিল।

Comments (0)

Be the first to comment on this story.